জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ নতুন গান আলসুৱা - Deeplina Deka's New Song Alokhuwa | Deeplina deka new song alokhuwa

জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ নতুন গান আলসুৱা - Deeplina Deka's New Song Alokhuwa

'চুই দিয়া না মোক আহি এবাৰ' হৃদয়স্পৰ্শী এই গীতটিৰ জৰিয়তে অসমীয়া সংগীত জগতখনত নিজকে এগৰাকী প্ৰতিভাৱান সংগীত শিল্পী হিচাপে প্ৰতিস্থা কৰিবলৈ সক্ষম হোৱা দীপলিনা ডেকাৰ বিষয়ে হয়তো আৰু বিশেষ একো কোৱাৰ প্ৰয়োজন নাই। 'উৰি উৰি যায়' নামৰ সংগীতটিৰ বিপুল জনপ্ৰিয়তাৰ পিছতে 'চুই দিয়ানা আহি এবাৰ' নামৰ গীতটোৰ মুকলি পাছত নিজৰ একান্ত পৰিশ্ৰম আৰু চেষ্টাৰ ফলত এবাৰো পিছলৈ ঘুৰি চাবলৈ প্ৰয়োজন হোৱা নাই দীপলীনাৰ। সুন্দৰ কন্ঠ আৰু সুন্দৰ অভিনয়েৰে বিপুল অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হৈ আহিছে দীপলিনা ডেকাই।

অসমীয়া সংগীত জগতখনৰ শিল্পীসকলৰ তালিকাখনত বৰ্তমান দীপলিনা ডেকাই এক সুকীয়া স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।  বৰ্তমান কেইবাটাও জনপ্ৰিয় গীতৰ গৰাকী দীপলিনা ডেকাৰ প্ৰত্যেকটো গীতত ভিউৱাৰচৰ সংখ্যা লেখত ল’বলগীয়া। “চুই দিয়ানা” কে ধৰি কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত গীত “চেংকন” আদি গীত সমূহৰ চৰ্চা প্ৰত্যেকজনৰ মুখে মুখে। সংগীতৰ লগতে অভিনয় জগত খনতো স্থান দখল কৰিবলৈ সক্ষম হোৱা দীপলীনাই   “মিছন চাইনা” ছবিখনত জুবিন গাৰ্গৰ সৈতে অভিনয় কৰাৰ পৰাই  অনুৰাগীসকল দীপালীনাৰ অভিনয় প্ৰতিও আকৃষ্ট হৈ পৰিল।

  অলপতে দীপলিনাৰ 'আলসুৱা' নামেৰে নতুন গীত মুকলি হয়। এক সুন্দৰ ভাৱ-ভাষা তথা সুৰেৰে সৃষ্টি হোৱা দীপালীনাৰ এই আলসুৱা নাম গীতটিয়ে ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। আলসুৱা নামৰ গীতটিৰ কথা ৰাহুল ডে' দাসৰ। গীতটি সজাইছে সপোন শইকীয়ায়ে। গীতাৰ কনদ্ৰপা কলিতাৰ।বাঁ‌হীত সুৰ কৰিছে  মনদ্বীপ বৰায়ে। শব্দ-সংমিশ্ৰন কৰিছে ইক্ৰামউদ্ৰিনে। গীতটি বানীৱদ্ধ কৰিছে গুৱাহাটীৰ ৰেড'এভি ষ্টুডিঅ'ট। আলসুৱা নামৰ গীতটিৰ এটি সুন্দৰ ভিডিঅ' মুকলি কৰা হৈছে। ভিডিঅ'টোৰ কাহিনী আৰু পৰিচালনা বেদানটৰ। অভিনয় কৰিছে অসমীয়া ছবি জগতৰ নক্ষত্ৰস্বৰূপ ৰবি শৰ্মায়ে আৰু দীপালীনা ডেকায়ে। সহযোগি পৰিচালক হিচাপে আছে অনামিকা শৰনীয়া। মেক আপ চিমি ভুঞাৰ। ভিডিঅ'টিৰ সম্পাদনা কৰিছে পৰিচালকে নিজেই। ফটোগ্ৰাফীত আছে বিশ্ব গগৈ। প্ৰডাক্টশ্যন মেনেজাৰ ভাৰ্গৱ ডেকা।

       শিল্পী গৰাকীলৈ জোনাক সমৰ তৰফৰ পৰা অলেখ শুভকামনা জনালোঁ। অনাগত দিনবোৰত শিল্পীগৰাকীৰ যাত্ৰা সুদুৰপ্ৰসাৰী হওক তাৰেই কামনা কৰিলো।

Alokhuwa Song Details

Audio Credits -

  • Singer : Deeplina Deka 
  • Song Composed ,Produced and Arranged by Hopun Saikia
  • Lyricist: Rahul Dey Das
  • Child Artists: Kritartha Kanta Barua ,Priyam Priya Dutta Chowdhury ,Himsikhar Dutta Chowdhury
  • Guitars and Strokes: Kandarpa Kalita 
  • Bass : Abhinav Bora
  • Flute : Mondeep Bora 
  • Additional Arrangements : Daniel B George 
  • Voice over artist : Aakanksha 
  • Assistants to Hopun Saikia : Mridusmita Lahon , Kunaal Iyengar ,Manash Pratim Kumar ,Disha Tamuly
  • Sound Design & Premix : Hopun Saikia 
  • Mixed and Mastered by Ikramuddin Lochoor 
  • Recorded by Pinku das, Uddipta Bhatta @RedAv,Guwahati

VIDEO CREDITS 

  • STORY & DIRECTION : BEDANT
  • FEATURING : RAVI SARMA & DEEPLINA DEKA 
  • DIRECTOR OF PHOTOGRAPHY : CHANDRA KUMAR DAS 
  • ASSISTANT DIRECTOR : ANAMIKA SARANIA 
  • MAKE UP ARTIST : CHIMI BHUYAN 
  • EDITOR : BEDANT 
  • D.I COLOUR ARTIST : DHANJIT DAS 
  • PRODUCTION MANAGER : BHARGAB DEKA 
  • LINE PRODUCER : DHRITI NARZARY & REEMINA 

Comments

Popular posts from this blog

Gove confirms mandatory housebuilding targets for councils will be abolished in face of Tory rebellion – UK politics live

Kotak Mahindra Bank Recruitment 2022 Released for Graduate Candidates And Apply Online