ছাত্ৰৰ কৰ্তব্য- অসমীয়া ৰচনা

ছাত্ৰৰ কৰ্তব্য- অসমীয়া ৰচনা ৰচনা,  ৰচনা লিখা নিয়ম, ৰচনা class 10, ৰচনা লিখা নিয়ম, ৰচনা ছাত্ৰৰ কৰ্তব্য ৰচনা প্ৰবাহ pdf, অসমীয়া ৰচনা কিতাপ, ৰচনা পুথি
আৰম্ভণিঃ “আজিৰ ছাত্ৰ কাইলৈৰ নাগৰিক”— অর্থাৎ ছাত্ৰসকলেই দেশৰ ভৱিষ্যৎ আশাৰ, সম্ভাৱনাৰ প্ৰতীক। বিদ্যালয়, মহাবিদ্যালয়ত অধ্যয়ন কৰি ভৱিষ্যতে দেশ তথা জাতিৰ উন্নতিত বৰঙণি যোগাব পৰাতেই ছাত্ৰৰ প্ৰকৃত সফলতা। শিক্ষাৰো প্রকৃত উদ্দেশ্য এয়াই। এই সত্যক ছাত্ৰসকলে বাস্তৱত পৰিণত কৰিবলৈ কেতবোৰ কৰ্তব্য আৰু নীতি-নিয়ম মানি চলাটো নিতান্তই প্রয়োজনীয়।

অধ্যয়নঃ “ছাত্রানাং অধ্যয়নং তপঃ।” অধ্যয়নেই ছাত্ৰৰ মুখ্য কর্তব্য। অৱশ্যে অধ্যয়ন বুলি ক'লে অকল পাঠ্যক্রমত সন্নিৱিষ্ট পাঠখিনি মুখস্থ কৰাকে নুবুজায়। অধ্যয়নৰ পৰিধি বহল হ'ব লাগে। পাঠ্যক্ৰমৰ লগত সংগতি নথকা অথচ জীৱন যাপনৰ ক্ষেত্ৰত সহায় কৰা অন্যান্য গ্রন্থও ছাত্ৰসকলে অধ্যয়ন কৰিব লাগে। সম্প্রতি আমাৰ শিক্ষা ব্যৱস্থাই পৰীক্ষামুখী আৰু নম্বৰভিত্তিক বৈশিষ্ট্য প্ৰকাশ কৰিছে, জ্ঞানভিত্তিক শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা নাই। ইয়াৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ মানসিকতাত অধ্যয়নৰ ঠেক ৰূপটোৱেহে স্থিতি লাভ কৰিছে। প্ৰকৃতাৰ্থত জ্ঞান অর্জন, জীৱনবোধৰ উপলব্ধি আৰু সামাজিক দায়বদ্ধতা আহৰণৰ বাবে ছাত্ৰসকলে অধ্যয়নৰ পৰিধি প্ৰসাৰিত কৰি ভৱিষ্যৎ জীৱনত নিজস্ব কৃতিত্বৰ চানেকী দিব পাৰে। ছাত্ৰ অৱস্থাতে যদি অধ্যয়নৰ অভ্যাস গঢ় দিয়া নহয়, পিছলৈ এই অভ্যাস গঢ় দিয়াটো টান হৈ পৰে। গতিকে ক'ব পাৰি দেশ, জাতি আৰু সমাজৰ মংগলৰ বাবে অধ্যয়নৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য।

চৰিত্ৰ গঠনঃ ছাত্ৰৰ অন্য এটি প্রধান কর্তব্য হ’ল চৰিত্ৰ গঠন। ছাত্ৰ এজনৰ পৰা ভৱিষ্যতে সমাজে যি ধৰণে আশা কৰে সেই আশা নিষ্প্রভ হয় যদি ছাত্ৰজনৰ চৰিত্ৰ সৎ নহয়৷ জীৱনৰ আন বস্তু এফালে আৰু চৰিত্ৰ অকলে আনফালে। চৰিত্ৰহীন মানুহে অসৎ উপায়েৰে ধন আৰু প্ৰতিপত্তি লাভ কৰিব পাৰে, কিন্তু তেওঁৰ সেই ধন আৰু প্ৰতিপত্তিৰ কোনো মূল্য নাই।

সংযম, সততা, ন্যায়-নিষ্ঠা, ধৈর্য, ক্ষমা, উদাৰতা, বিনয় আদি চৰিত্ৰৰ অন্যতম উপাদান। এইবোৰ গুণ ছাত্ৰাৱস্থাত যদি আয়ত্ত কৰা নাযায় তেন্তে পিছলৈ আয়ত্ত কৰাত যথেষ্ট জটিলতা আহি পৰে।

পিতৃ-মাতৃ, শিক্ষাগুৰু আৰু সমাজৰ প্ৰতি কৰ্তব্যঃ  পিতৃ-মাতৃ, শিক্ষাগুৰু আৰু সমাজৰ প্ৰতি ছাত্ৰৰ গভীৰ দায়িত্ব আছে। পিতৃ-মাতৃ আৰু শিক্ষকৰ প্ৰতি অপৰিসীম শ্ৰদ্ধা আৰু কৃতজ্ঞতা ছাত্ৰ এজনৰ মনত জীৱনৰ শেষ সময়লৈকে প্রবাহিত হৈ থাকিব লাগে। পিতৃ-মাতৃৰ অবাধ্য হলে কোনো ছাত্রই জীৱনত সফল হ'ব নোৱাৰে। একেদৰে শিক্ষাগুৰুৰ মনত এজন ছাত্ৰৰ প্ৰতি যদি বেয়া ভাব সোমায় তেন্তে ছাত্রজনে জীৱনত কেতিয়াও উন্নতি সাধন কৰিব নোৱাৰে।

পিতৃ-মাতৃ আৰু শিক্ষকৰ দৰে সমাজৰ প্ৰতিও এগৰাকী ছাত্ৰৰ গভীৰ দায়িত্ব থাকে। শিক্ষাৰ মূল লক্ষ্য হ'ল জ্ঞান অর্জনেৰে নিজৰ লগতে সমাজৰো উন্নতি সাধন কৰা। কিন্তু বর্তমান সময়ত ছাত্ৰসকলৰ সামাজিক দায়বদ্ধতাৰ চিত্ৰ অতি পুতৌ লগা। বেছিভাগ ছাত্ৰই ব্যক্তিকেন্দ্ৰিক হৈ নিজৰ উন্নতিৰ চিন্তাতহে মগ্ন হোৱা দেখা যায়। এয়া জাতি তথা সমাজৰ প্ৰতি তীব্ৰ ভাবুকি হৈ পৰিছে। এগৰাকী ছাত্ৰই শিক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞানৰ সহায়ত সমাজ সংহত কৰাৰ চেষ্টা কৰিব লাগে। সমাজত প্ৰচলিত কু-সংস্কাৰ, অন্ধবিশ্বাস আদি নির্মূল কৰি অশিক্ষিতজনক শিক্ষাৰ জ্ঞানেৰে আলোকিত কৰিবলৈ ছাত্ৰসকলে প্ৰচেষ্টা চলোৱা উচিত।

সামৰণিঃ জ্ঞানেই প্রকৃত শক্তিঃ Knowledge is power। এই কথা উপলব্ধি কৰি যদি ছাত্ৰসকলে জীৱনত আগুৱাই যায় তেতিয়াহে তেওঁৰ ছাত্ৰ-জীৱন সাৰ্থক হ'ব। অধ্যয়ন জ্ঞান আহৰণৰ উৎকৃষ্ট উপায়। গতিকে অধ্যয়নকেই জ্ঞান বুলিব পাৰি। তপস্বীৰ একাগ্ৰতাৰে এই জ্ঞানৰ সাধনাত প্রবৃত্ত হ'লেহে ছাত্ৰই ভৱিষ্যৎ জীৱনৰ কাৰণে প্রয়োজনীয় অর্হতা অৰ্জন কৰি জীৱনত সফলতা লাভ কৰিব পাৰিব।

Comments

Popular posts from this blog

Gove confirms mandatory housebuilding targets for councils will be abolished in face of Tory rebellion – UK politics live

Kotak Mahindra Bank Recruitment 2022 Released for Graduate Candidates And Apply Online